এমোকোৰা হাঁহিৰ বাবে – A Smile Amid Flood

Image Source News Aur Chai Flood

“অই বাইদেউ,আঠুৱা এখন দিয়ানা মোৰবাবে নহয় মোৰ মোৰ পেটত থকাজনৰবাবেহে” – বুকুকঁপি যোৱা এষাৰি বাক্য! চাইদেখোঁ ওচৰতেৰৈ থকা অন্তঃসত্বা মহিলাদুগৰাকীৰ এগৰাকীয়ে উক্ত কথাষাৰ  কৈছিল৷
 
হৃদয়ত গভীৰভাৱে  ৰেখাপাত কৰিছিল এনে কিছু অন্তৰ কঁপিযোৱা বাক্যই৷ ফেচবুক জগতখনক ইতিবাচক দিশ ৰূপে লৈ আৰু উঠি অহা প্ৰজন্মক বাট দেখুৱাই নিয়াৰ উদ্দেশ্যে দুটা মহিলা গ্ৰুপ “আমাৰ আখল” আৰু “অৰ্ধ-আকাশ” য়ে এইক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ লৈছিল৷ অসমৰ বানে ধুৱা জীয়াধলৰ বুকুতো এনে বহু কাহিনী আছে৷ ডিব্ৰুগড় জিলাৰ flood পীড়িত সকলক কিছু সাহায্য সামগ্ৰী যোগান ধৰা হৈছিল৷ অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা ইয়াৰ সদস্যা সকলৰ অনুদানেৰে৷ দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা সামগ্ৰীৰ উপৰিও কাপোৰৰ যোগান ধৰা হৈছিল তেওঁলোকৰ মাজত৷
 
বাৰিষাৰ বানে প্ৰতিবছৰে দিহিংৰ খেতিয়কসকলৰ সপোন ভাঙি চুৰ-মাৰ কৰি থৈ যায়৷ খেতি কৰাৰ লগতে শাক-পাঁচলি বেছি জীৱন অতিবাহিত কৰা মানুহবোৰ ঠিকনাবিহীন হৈ পৰে দিহিঙৰ বলিয়া বানত৷ অন্তঃসত্বা মহিলাবোৰে আশংকাত দিন পাৰ কৰে৷ দুবেলা দুসাজচিন্তা নকৰাকৈ খাই থকা সকলৰবাবে এনে এখন ছবি নিজে প্ৰত্যক্ষ নকৰিলে কল্পনা কৰাটোও কঠিন৷
 
বহুকৰুণ কাহিনী ধেমাজিৰ জীয়াধলৰবুকুতো সোমাই আছে৷ বাৰিষা flood চকুৰ টুপনি হৰিনিয়ে জীয়াধলে৷ অদূৰত হোৰহোৰশব্দ শুনিলেই গৃহস্থই গম পাই জীয়া ধল আহিল বুলি আৰু লগে লগেই লৰধৰে বান্ধি থোৱা গোঁহালিৰ গৰুজাকৰ পঘাত ঘাপ মাৰি গৰুজাক এৰি দিবলৈ৷ আগেয়ে বনাই থোৱা চাঙত উঠাব পৰা বস্তুবোৰ উঠাই উঠে মানেই পানীৰ তীব্ৰ সোঁতত কেঁচাঘৰৰ বেৰবোৰ বাগৰিপৰে আৰু বাগৰি পৰে পুৰনি ভঁৰালবোৰ৷ গৰু , ছাগলি, ম’হ, হাঁহ-কুকুৰা, গাহৰিৰ লগত উটিযায় বছৰটোলৈ সাঁচি ৰখা গুটি ধানবোৰ চচক্ষে সপোনবোৰ ভাঙি চুৰ-মাৰহোৱাত ঘৰৰ মুৰব্বীজন ঠাইতে ঢলি পৰে৷ হৃদস্পন্দন কমি আহে,পুনৰ হুৱা-দুৱা লাগে – চাৰিওদিশে কান্দোনৰ ৰোল৷
 
মৃতদেহ ক্ৰিয়া -কৰ্ম কৰিবলৈও অভাৱ হয় এডোখৰ মাটিৰ৷ হাহাকাৰ লাগে খোৱা পানীটুপিৰ বাবে৷ পলসত পোত যায় টিউৱেল আৰু পানীত উটিঅহা লেতেৰা জাবৰ -জোথৰ অথবা জন্তুৰ মৃতদেহপৰি কুঁৱাটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰে৷ মুঠতে এটা অস্বাস্থ্যকৰ পৰিৱেশে গা কৰি উঠে৷
 
এনে বহু কাহিনীৰ সাক্ষী জীয়াধল৷ তথাপি জীয়াধলৰ বুকুত জীৱন সংগ্ৰাম শেষ হৈ যোৱা নাই, জীৱন্ত কাহিনীবোৰক সাক্ষী কৰি ৰচিত হৈছে নতুন জীৱন৷
 
Flood পীড়িত সকলৰ সাহায্যৰ বাবে আমি লগতলৈ যোৱা সামগ্ৰীৰে সামান্যতম হলেও তেওঁলোকৰ মনত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিলো৷ চৰকাৰৰ লগতে বহু দল-সংগঠন এইসকললোকক সহায়ৰ বাবে আগবাঢ়ি অহা দেখা গৈছিল৷
 
মানুহে মানুহৰ বাবে আগবাঢ়ি আহিছে আজি এমোকোৰা হাঁহিৰ সন্ধানত, য’ত আছে এক প্ৰশান্তিৰ হাঁহি, একপ্ৰাপ্তিৰ হাঁহি৷৷৷

 

Image Source: News aur Chai.

Facebook Comments Box
The following two tabs change content below.

Banasri Konwar Gogoi

Banasri Konwar Gogoi is an Hons graduate in Sanskrit. She is a teacher by profession. Her hobbies are writing, cooking, and travelling.

Latest posts by Banasri Konwar Gogoi (see all)

error: Content is protected !!
Loading...

Contact Us